Posts

Showing posts from May, 2018

নৈ বৈ যায়... ৪ৰ্থ খন্ড প্ৰশান্তি

Image
নৈ বৈ যায়...                            প্ৰশান্তি      স্কুতিৰ হৰ্ণৰ পেট্ পেট্ শব্দত নয়নৰ টোপনি ভাঙিল, কোনোবাই তাৰ খিৰিকিখনৰ কাষতে খুব জোৰেৰে হৰ্ণ বজাই আছে। এনেই হোৱা হ'লে তাৰ বহুত খং উথিলে হয় কাৰণ দেওবাৰৰ দিনা সি অলপ দেৰিলৈকে শুইয়ে ভাল পায় । আজি তাৰ খং উঠা নাই, সি জানে এইটো প্ৰিন্সিৰ কাম , তাই আগদিনাই ক্লাছত কৈ থৈছিল কালিলৈ তাক ক'ৰবালৈ লৈ যাব । খিৰিকি খন খুলি প্ৰিন্সিক মাত লগালে ঃ অই হৰ্ণ বন্ধ কৰ উথিছো নহয় । ঃ গাধ ক'ৰবাৰ তোক কালিয়ে কোৱা নাছিলো? ১১ তা বজালৈ সোৱে নেকি কোনোবা? নয়নে লৰালৰিকৈ টুথ ব্ৰাছডাল লৈ বাথৰুম ত সোমাল , প্ৰিন্সি বাহিৰতে ৰৈ থাকিল। তাৰ ৰুমটো ৰাস্তাৰ কাষতেই ' তাই এটা বয়জ্ হোষ্টেলৰ বাৰাণ্ডাত ঠিয় হৈ স্কুতিৰ ছাবিটো ঘূৰাই ঘুৰাই নয়নলৈ অপেক্ষা কৰি থাকিল। হোষ্টেলৰ ল'ৰা বোৰ অলপ বেছিকৈয়ে বাহিৰলৈ ওলোৱা সোমোৱা কৰি আছিল যেন তাইৰ অনুভৱ হ'ল। ল'ৰা এটা এবাৰ ওলায় তাইৰ ফালে বেঁকাকৈ এবাৰ চাই আকৌ সোমাই যায় । তাৰ পাছত আন এটা ল'ৰা ওলাই আহি হাত দুখন অলপ ওপৰলৈ উথাই আকৌ ককালত ধৰি ডিঙিটো অলপ ইফাল সিফাল কৰি তাইৰ ফালে কেৰাহিকৈ চাই আকৌ সোমাই যায় , যেন বাহিৰ

নৈ বৈ যায়.. ৩য় খন্ড.. বন্ধুত্ব

Image
                                বন্ধুত্ব ঃ Are you virgin? ঃ Aru you mad? I am only 18. ঃ তাতে কি হ'ল? বেঙা ক'ৰবাৰ ইমান ছিম্পল্ হৈ নাথাকিবি বুজিছ? ইয়াত ছোৱালিবোৰে লাট্ দিব লাট্ !    প্ৰিন্সি তাইৰ নাম.. গুৱাহাটীৰ দেল্ হি পাব্লিক স্কুলৰ পৰা অহা ছোৱালী জনী বৰ তজবজীয়া, উৎপতিয়া আৰু অতি ফু্ৰ্তিবাজ , যিকোনো কথাই ইমান সহজে কৈ দিব পাৰে বা সুধিব পাৰে নয়নৰ সঁচাকৈ আচৰিত লাগে । মনত কোনো কলূষতা নাথাকিলে হে এনেকৈ যিকোনো কথা ক'ব পৰা যায় । প্ৰিন্সিক লগ পোৱা চাৰি দিন হে হৈচে মাত্ৰ । নয়নে গুৱাহাটিৰ আকাশ ইন্সটিটিউট ত নামভৰ্তি কৰিছে, উচ্চতৰ মাধ্যমিকৰ ফলাফল বৰ ভাল ন'হল তাৰ সেইবাবে সকলোৱে তাক বেতাৰ্মেন্ট দিয়াৰ উপদেশ দিয়াৰ লগতে গুৱাহাটীত মেডিকেলৰ বাচনি পৰীক্ষাৰ বাবে কচিং ক্লাছত নামভৰ্তি কৰি দিছে । প্ৰথম দিনা সি অলপ সোনকালেই পাইছিলগৈ, প্ৰিন্সি আহি আগৰ বহুকেইখন খালী আসন বাদ দি পোনে পোনে গৈ তাৰ কাষতে বহিলগৈ। এটা ধুনীয়া হাঁহিলৈ তাই কৈছিল.. ঃ হাই অাই এম প্ৰিন্সি, ঃ মই নয়ন । সেইয়াই আৰম্ভণি । দুইটা সম্পূৰ্ণ বেলেগ । গাঁৱত লোকৰ বাৰীয়ে বাৰীয়ে আম, বগৰী, জলফাই আদি বুতলি খাই , লোকৰ বাৰীৰ চুক
Image
 নৈ বৈ যায়.. দিতীয় খন্ড                             আশা চিগাৰেট ৰ ধোঁৱা বোৰ দিগন্ত দাই ৰিং এটাৰ দৰে উৰুৱাই দিছিল, নয়নৰ এই ধোঁৱা উৰুৱা কামটো কিয় জানো বৰ ভাল লাগে । সৰুৰে পৰা সি ভাবি আহিছে সি কেতিয়াও চিগাৰেট নাখায় কাৰণ সৰুৰে পৰা পঢ়ি অহা বহুত কিতাপত চিগাৰেটৰ অপকাৰিতাৰ বিষয়ে পঢ়িছে । : এটান দিব নেকি দিগন্ত দা? : ধেৎ নালাগে, পোৱালি হৈ আছ, ওঁঠ চেপিলে এতিয়াও গাখীৰ ওলাব । : একো নহয় দিয়ক ছোন, মাত্ৰ দুবাৰ ধোৱা বোৰ উৰুৱাই চাম।     মনটোকটো বান্ধিয়ে ৰাখিছো, ধোৱাবোৰকেটো উৰু‍ৱাই চাঁও। : হুঃ - ল ল পোৱালি বেছি  ফালিব নালাগে, মাত্র দুটান হে কিন্ত্ত  !          চিগাৰেট টো মুখত লৈ নয়নে খুঃহু খুঃহু কাহঁিব ধৰিলে, জীৱনত প্ৰথমবাৰ চিগাৰেট মুখত দিছে । : যা যা পঢ় গৈ, কালিলে পৰীক্ষা ভালকৈ দিবি ।          নিজৰ  ৰুমলৈ আহি বিছনাতে ফিজিক্সৰ কিতাপখন মেলি লৈছে । তাৰ সন্মুখত যেন এখন পাৰাপাৰহীন সাগৰ আৰু সি এখন তুলুঙা নাওঁত ভাঁহি আছে । দুটামান পাত লুতিয়াই কুৱেশ্বন্ বেংক খন মেলি লৈ  যোৱা চাৰি পাঁচ বছৰৰ বাৰে বাৰে আহি থকা প্ৰশ্নকেইটামান বাছি ল'লে আৰু তাকে পঢ়িবলৈ চেষ্টা কৰিলে । তাৰ অনুভব হৈছে গোটেই ব

নৈ বৈ যায়.. ১ম খন্ড

            নৈশ বাছ খনৰ সোতৰ নম্বৰৰ ছিট্ টোৰ খিৰিকিয়েদি বৈ অহা জোনাক খিনিয়ে নয়নক চুইগৈছে  । বাহিৰত বহু দূৰৈৰ পৰা দেখা পোৱা ক'লা ক'লা শাৰী শাৰী পাহাৰ বোৰ জোনৰ পোহৰত জিলিকি উথিছে । তৰা বোৰো ইমান উজ্জলকৈ তিৰবিৰাই আছিল , তাৰেই মাজত বাৰে ভচহু কথাবোৰ আহি তাৰ মন ভৰাইতুলিছিল । দুচকুত হাজাৰটা সপোনৰ উকমুকিনত সি লক্ষিমপু্ৰৰ গ্ৰীণ ভেলী বাছ আস্থানৰ গুৱাহাটী অভিমুখি বাছ এখনৰ সোতৰ নম্বৰ ছিট্ টোত বহিছে, গন্তব্য স্থান গুৱাহাটী । তাৰ আগতে সি অকলে গুৱাহাটীলৈ গৈ পোৱা নাই কতিয়াও, একো ভালকৈ চিনিও নাপাই। হোষ্টেলৰ পৰা পলাই আহিছে সি । নৰ্থলক্ষিমপুৰ কলেজৰ বিজ্ঞান শাখাৰ প্ৰথমবৰ্ষৰ ছাত্ৰ তেতিয়া। দেউতাকৰ প্ৰচণ্ড ইচ্ছাৰ বাবে অনিচ্ছা সত্তেও সি তাত বিজ্ঞান শাখাত নামভৰ্তি কৰিছিল । কাৰণ সৰুৰে পৰা টো সি ডাক্তৰ হ'ম বুলিয়ে কৈ আহিছিল । সেইটো অবশ্যে সমাজৰ আকাংক্ষিত লক্ষ আছিল নে তাৰ নিজৰ আছিল তাৰ মনত নাই , কাৰণ ডাক্তৰ কি সেইয়া বুজি পোৱাৰ আগৰে পৰা তাক তেনেকৈয়ে কবলৈ শিকোৱা হৈছিল । এতিয়া যে তাৰ কিবা বেলেগ হে হ'ব মনযায়, বিজ্ঞানৰ সলনি কলা হে পঢ়িব মন যায় সেয়া দেউতাকক কৈ তেওঁক আঘাত দিয়াৰ সাহস তাৰ নাই ।       

এক মিনিটৰ গল্প : প্ৰত্যাশা

Image
কিছুসময় বিৰতিৰ পাচত ৱাত্চআপ টো খুলি চাই দেখিলো এটা ভিদিঅ' । "লাই হালে জালে ফুল চন্দন তুলসী".. শনি বাৰে আবেলি ক্লাবলৈ যোৱাটো বৰমাৰ অভ্যাস ।  মানুহজনীৰ বয়স প্ৰায় এষষ্টি বছৰ । আবেলি ক্লাবত নামো হয় অলপ কথা বাৰ্তাও লগতে সকলোৱে কিবা নহয় কিবা এটা পৰিবেশন কৰে । আজি বৰমায়ে বিয়া নাম গাব । ঘৰত তাৰেই অখৰা কৰি থাকোতে পুতেকে ভিদিঅ' ৰেকৰ্ড কৰি ৱাত্চআপ ত মোলৈ পথাইচে l ক্লাব মানে তেজপুৰ কামৰূপীয়া নামঘৰ পুতেকে ক্লাব বুলিয়ে কয় , কাৰন সকলো শাহু আইয়ে আহি বোৱাৰিয়েকৰ বা বোৱাৰিজনীয়ে শাহুয়েকৰ গুনানুকীৰ্ত্তন কৰিবলৈ সুবিধাকন পায়। ক্লাবত শুনি অহা দুই এটা কথা বৰমায়ে পুতেকৰ আগত কয়হি। বৰমাজনীৰ অন্তৰখন বৰ পবিত্র । কেতিয়াও কোনো মানুহৰ বিষয়ে বেয়াকৈ নকয়। কাৰো কেতিয়াও বেয়াটো নেদেখে। যিমান বেয়া মানুহজনৰো তেওঁ সদায় ভালটোৱে বিচাৰি পাই ।  জীৱনৰ ৬১ টা বছৰ কেৱল শাহু , স্বামী আৰু ল'ৰা ছোৱালীৰ বাবেই উচৰ্গা কৰা এই মানুহগৰাকীৰ কিন্ত্ত নিজস্ব ব্যক্তিগত ইচ্ছা বুলি আজিলৈকে একো দেখা নাই । জীৱনত কেতিয়াও ছাগে বজাৰলৈ যোৱা নাই নিজে একো কিনি পোৱা নাই, অবশ্যে তাৰ প্ৰয়োজনো হোৱা নাই । বৰতা আৰু দুটা পুতেক এজনী ব

এক মিনিট ৰ গল্প... বিবাহ সম্পৰ্ক বন্ধুত্ব ীৱন ইত্যাদি

Image
                       শ্নেপস্বট ১ বিয়াৰ চাৰি বছৰে পাৰ হ'ল , প্ৰেম বিবাহ । আজি তাইৰ মানুহ  জনৰ লগত পাতিবলৈ থকা কথা তেনেই সীমিত তাকো কাৰ্য্যালয় ৰ দৰকাৰী কথাকেইটাতে সীমাবদ্ধ । দিনটোৰ কৰ্মব্যস্ততা ৰ পাছত তাইৰ সীমাহীন নিসংগতাত উজাগৰে কতুৱা কোনোবা এটা নিশাত তাই মনত পৰে কোনোবা কাহানিয়ে লগ এৰা তাইৰ প্ৰেমিক জনলৈ । : হেল্ল' কেনে আছা তুমি?                    *     *     *    *    *                         শ্নেপস্বট ২ দুইবছৰৰ চিনাকি ৰ পাছত অৱশেষত সিহঁতৰ আঙঠি পিন্ধুৱা হ'ল । এক নতুন বান্ধুন । কিন্তু কেতিয়াবা দেখুন কথাবোৰ ওলোটা হে হয় । য'ৰ পৰা আৰম্ভনি তাৰ পৰাই দেখুন দুটা ওলোটা মেৰুত গতি । কত ঘাত প্ৰতিঘাতত দুটা জীৱন  বন্দী। সৰুৰে পৰা তাৰ আছিল এটা স্বাধীন মন আৰু তাই ? সামৰি সুতৰি  লেটা ৰ মাজত লুকুৱাই থোৱা পলু । য'ৰ পৰা ওলিয়াবৰ চেষ্টা কৰোতেই যেন তাই শিপাই আগুৰি পেলালে তাক , বন্ধ হ'ল তাৰ উসাহ । : হেল্ল' মই পাগল হৈ গৈছো, আৰু আগ বঢ়াটো মোৰ বাবে সম্ভব নহ'ব  মই তাইক বিয়া পাতিব নোৱাৰো ।                       * * * * * * * *                            শ্নেপস্বট ৩