এক মিনিটৰ গল্প : প্ৰত্যাশা




কিছুসময় বিৰতিৰ পাচত ৱাত্চআপ টো খুলি চাই দেখিলো এটা ভিদিঅ' ।

"লাই হালে জালে ফুল চন্দন তুলসী"..
শনি বাৰে আবেলি ক্লাবলৈ যোৱাটো বৰমাৰ অভ্যাস ।  মানুহজনীৰ বয়স প্ৰায় এষষ্টি বছৰ । আবেলি ক্লাবত নামো হয় অলপ কথা বাৰ্তাও লগতে সকলোৱে কিবা নহয় কিবা এটা পৰিবেশন কৰে । আজি বৰমায়ে বিয়া নাম গাব । ঘৰত তাৰেই অখৰা কৰি থাকোতে পুতেকে ভিদিঅ' ৰেকৰ্ড কৰি ৱাত্চআপ ত মোলৈ পথাইচে l ক্লাব মানে তেজপুৰ কামৰূপীয়া নামঘৰ পুতেকে ক্লাব বুলিয়ে কয় , কাৰন সকলো শাহু আইয়ে আহি বোৱাৰিয়েকৰ বা বোৱাৰিজনীয়ে শাহুয়েকৰ গুনানুকীৰ্ত্তন কৰিবলৈ সুবিধাকন পায়। ক্লাবত শুনি অহা দুই এটা কথা বৰমায়ে পুতেকৰ আগত কয়হি। বৰমাজনীৰ অন্তৰখন বৰ পবিত্র । কেতিয়াও কোনো মানুহৰ বিষয়ে বেয়াকৈ নকয়। কাৰো কেতিয়াও বেয়াটো নেদেখে। যিমান বেয়া মানুহজনৰো তেওঁ সদায় ভালটোৱে বিচাৰি পাই ।  জীৱনৰ ৬১ টা বছৰ কেৱল শাহু , স্বামী আৰু ল'ৰা ছোৱালীৰ বাবেই উচৰ্গা কৰা এই মানুহগৰাকীৰ কিন্ত্ত নিজস্ব ব্যক্তিগত ইচ্ছা বুলি আজিলৈকে একো দেখা নাই । জীৱনত কেতিয়াও ছাগে বজাৰলৈ যোৱা নাই নিজে একো কিনি পোৱা নাই, অবশ্যে তাৰ প্ৰয়োজনো হোৱা নাই । বৰতা আৰু দুটা পুতেক এজনী বোৱাৰীয়েকৰ সৈতে এখন সুখৰ সংসাৰ । মানুহৰ ভেশত যেন দেৱতাহে । অাপুনি মানুহগৰাকীক ওচৰৰ পালে তেনেকুৱায়ে অনুভব হ'ব । 
আজিকালি বৰমাৰ এটায়ে চিন্তা । সৰু পুতেকৰ যেনেতেনে বিয়াখন হ'ব লাগে । ল'ৰা দেখায়ে শুনায়ে একদম তিপতপ । ছোৱালীও নিবিছৰা নহয়, পিছে মিছা ক'লে কিদাল হ'ব, বৰমাজনীয়েযে যাকেই চাই তাইকে ভাল দেখে । তেওঁযে কাৰো বেয়া নেদেখে । পুতেকৰ হে বাচ বিচাৰ ধেৰ, কোনোজনী চাপৰ, কোনো জনী নাক ফেচেকা , কোনো জনী শকত , কোনোজনীৰ আকৌ প'ষ্ট খালীয়ে নাই, মুথতে বেবেৰিবাং । পুতেকেযে আগতে চাইয়ে ন'থলে।
         দুদিন মানৰ পৰা  বৰমাৰ গাটো অলপ বেয়া । ইফালে চিন্তা কোনোফালেই চোন নিমিলে । মিতিৰ কুটুম্ব যিমান আছে সকলোকে ফোন কৰি ছোৱালীৰ খা-খবৰ কৰিয়ে আছে । 
আজি অবশ্যে মনটো খুবেই ভাল । ন'হবনো কিয় পুতেকে আজি ছোৱালী এজনী পচন্ড কৰিছে । কৰিছে মানে প্ৰায় খাতাং । বৰমাৰ আজিহে মনটো ভাল লাগিছে , যিমান হওক পুতেকৰ বিয়া খন পাতি দিব পাৰিলেই বৰমাৰ ডাঙৰ চিন্তা এটাৰ পৰা মুক্ত হ'ব । ছোৱালীজনীৰ দেউতাক ইতিপূৰ্বে আহি ঘৰ দুৱাৰ চাই গ'ল, ছোৱালীৰ জন্ম পত্রিকা খনো দি থই গৈছে, বৰমা হতকো মাতি থৈ গ'ল । বৰমাৰো যাবৰ মন নথকা নহয় কিন্তু ছোৱালীৰ ঘৰো ভালেমান দুৰ , গাড়ীত উথিলেই যি অৱস্থা হয় ইমান দূৰ যোৱাৰ কথা দেখোন ভাবিবই নোৱাৰি ! যিকিনহওক এইবাৰ ল'ৰাটোৰ গতি লাগিব।
        দুপৰীয়া ভাতকেইতা খাই বিছনাত পৰাটো বৰমাৰ এটা নিত্য-নৈমিত্তিক কাম । কিতাপ এখন মেলিলওতেই টোপনিটোৱে মানুহ জনীক হেঁচা মাৰি ধৰিলে । 
ঃক্ৰিং ক্ৰিং ক্ৰিং..... ক্ৰিং ক্ৰিং ক্ৰিং
ঃ ছেঃ কোনেনো ফ'ন কৰিলে এই দুপৰীয়াখন 
থুপা থুপি খুজেৰে টোপনিৰ জালতেই
 মানুহগৰাকি ফ'নটো ধৰিবলৈ আগ বাঢ়ি গ'ল।
ঃ হেল্ল' 
ঃ মা , বিয়াখন নহয় অ' । ৰাহিযোৰা একেবাৰে নাই মিলা।
      ফৰকাল আকাশখনত ক'ৰপৰা জানো এমুকোৰা ক'লা ডাৱৰে আহি আৱৰি ধৰিলে ।

                      *******
পৰাগ কুমাৰ ভূঞা

Comments

Popular posts from this blog

নৈ বৈ যায়,, ষষ্ঠ খণ্ড সপোনৰ ৰেঙণি