নৈ বৈ যায়,, ষষ্ঠ খণ্ড সপোনৰ ৰেঙণি

নৈ বৈ যায়,,         ষষ্ঠ খণ্ড
                     সপোনৰ ৰেঙণি
             
নয়নে যাত্ৰীবাহী ট্ৰেইন খনৰ একেবাৰে শেষৰ দবাটোৰ দুৱাৰ মুখত থিয় হৈ দুয়োফালে থকা হালধীয়া বৰণৰ হেণ্ডল দুডালত দুহাত মেলি ধৰি বুকুখন বাহিৰলৈ থেলি দিছে । বাহিৰৰ শীতল বতাহ জাকে তাক চুই গৈছে, সি যেন সেই বতাহ জাকৰ লগত মিলি যাব। সন্মুখত দূৰ দিগন্ত বিয়পি থকা এখন সুদ্ধ বগা আকাশ আৰু তলফালে চকুৰে মনিব নোৱাৰালৈকে কেৱল সেউজীয়া আৰু সেউজীয়া, সি যেন বিলিন হৈ যাব সেই সেউজীয়া খিনিৰ মাজত। সি চকু দুটা মুদি এটা দীঘল উশাহ টানি সেই মনোমোহা পৰিবেশটো বুকুৰ মাজলৈ লৈযাবলৈ চেষ্টা কৰিলে।
"নয়ন , ঐ ল'ৰা উঠ্ উঠ্ !"
মাকৰ চিঞৰ আৰু দুৱাৰ খনৰ ট্ক ট্ক শব্দত  নয়নৰ চকু মেল খালে, সন্মুখত সেই আকাশো নাই , নাই সেই সেউজীয়াও। আছে মাথো এখন বন্ধ দুৱাৰ , তাৰ থিক ওপৰতে দেৱাল খনত ওলমি থকা ঘৰিটোৱে ৭.৩০ বজাৰ সংকেত দি আছে, " ধেৎ কি সপোন বাৰু এইটো, সপোনটো কোনোবাই ইমান অনুভব কৰিব পাৰেনে? মনত যে সেই দৃশ্যটো ইমান স্পষ্টকৈ ৰৈ গৈছে এইমাত্ৰ চাই উঠা চবি এখনৰ দৰে"
সি লৰা লৰিকৈ বিচনাৰ পৰা নামি গৈ বাথৰুমত সোমাল। আজি নয়নৰ ছয়দুৱাৰ কলেজৰ প্ৰথম দিন, প্ৰথমদিনাই দেৰিকৈ পালে ভাল নালাগিব সেইবাবেই সি ল'ৰালৰি কৈ মাকে বাঢ়ি থোৱা ভাতকেইতা খাই ওলাই গ'ল। কলেজৰ গেটৰ মুখ পাই সি ওপৰলৈ চালে , স্থাপিত ১৯৬৭ চন। গেটৰ তলেদি পাৰ হৈ যাওতে সি ভাবি গ'ল তাৰ পাহাৰ সদৃশ উচ্চাকাংক্ষাৰ দেউকা ভাঙি আজি সি এইখন কলেজত এটা নতুন জীৱনৰ পাতনি মেলিব। তাৰ মন আছিল দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰাৰ, কিন্ত্ত জীৱনৰ নৈ খনে আজি তাক লৈ আনিছে এইখন কলেজলৈ, হওক তেন্তে এইখন কলেজেই তাৰ জীৱনৰ এক নতুন ভেতি হওক। কলেজ খনলৈ কিবা এটা মৰম লাগি গ'ল। অৰ্থনীতি বিভাগৰ প্ৰথম বৰ্ষৰ নিৰ্দিষ্ট শ্ৰেণীকোঠাটো বিচাৰিবলৈ নয়নৰ বেছি সময় নালাগিল। হাতত ৰেজিষ্টাৰ বহীখন লৈ নীলা শ্বাৰ্ট পিন্ধা ছাৰ এজন সোমাই আহিল। বাহিৰত ল'ৰা ছোৱালী বোৰৰ দলীয় আদ্দাৰ পৰাই গম পোৱা গ'ল সেই সকল ছিনিয়ৰ ছাত্ৰ ছাত্ৰী বুলি, নতুনকৈ অহা সকললৈ যেন সেন চকু। নবাগত সকলৰ মাজৰ পৰা ছেগ বুজি ৰেগিং কৰিবলৈ মাতিব পাৰি নেকি তাৰেই অপেক্ষাত যেন তেওঁলোক। নয়নৰ এই পৰিবেশটো অৱশ্যে অচিনাকি নহয়।
"The law of supply states that the quantity of a good supplied rises as the market price rises, and falls as the price falls. Conversely, the law of demand says that the quantity of a good demanded falls as the price rises."
অাজি জীৱনত প্ৰথম অৰ্থনীতি বিষয়টো নয়নে পঢ়িছে, হাইস্কুললৈকে মাত্ৰ সিমীত আভাস এটা হে পাইছিল। বিষয়টো বেয়া লগা নাই। বৰতিৰ সময়ত ক্লাছৰ বাকী সকলৰ লগত চিনাকি হ'ল অঞ্জন , দীপাঙ্কৰ, দেৱজিৎ, ৰাজদ্বীপ , ৰাজীব শৰ্মা, দয়াৰাম, সকলো প্ৰথম দিনাই বহুত সহজ হৈ পৰিল, অহা তিনিটা বছৰ সকলো একেলগেই থাকিব লাগিব। দুটা ক্লাছৰ পাচৰ বিৰতিৰ সময় খিনিত নয়নক ল'ৰা এজনে মাতি নিলে বেলগ এটা ৰুমলৈ। বহুকেইজন ল'ৰা ছোৱালীৰ আদ্দা, উচ্চ হাস্য, বেন্স আৰু ডেক্স সকলোতে সিঁচৰিত হৈ আছিল। তাৰ প্ৰথমে সোমাই যাবলৈ অলপ ভাল লগা নাছিল। প্ৰীতি বুলি ছোৱালী জনীয়ে মাত লগালে,
:"ট্ৰিদিব, মাইনা এটা লৈ আনিছা নেকি?"
ট্ৰিদিবে নয়নক উদেশ্যে ক'লে " বাইদেউ হঁতক তোৰ পৰিচয় দে"
কিছু সময় জেৰা কৰা পাছত নয়নক ট্ৰিদিবে ক'লে, "অহা কালিলে পৰাগ দাস সোঁৱৰনী তৰ্ক প্ৰতিযোগিতাৰ বাবে অদিশ্বন্ হ'ব, তই অংশ গ্ৰহণ কৰিবি।" কথাষাৰ শুনি নয়নৰ বহুত ভাল লাগিল। স্কুলত থাকোতে কিমান যে তৰ্ক বক্তিতা  প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছিল , কিন্ত্ত যোৱা দুই বছৰ সি এইবোৰৰ পৰা বহুত আতৰি গৈছিল। সি সিদ্ধান্ত ল'লে সি আকৌ তৰ্ক কৰিব, সি এইবাৰ কটন কলেজত হ'ব লগা অসম ভিত্তিক পৰাগ দাস সোঁৱৰণী আন্তঃমহাবিদ্যালয় আৰু আন্তঃবিশ্ব্যবিদ্যালয় তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। কলেজৰ পৰা ঘৰলৈ ঘূৰি আহোঁতে গাড়ী খনৰ খিৰিকি মেলি বহু দূৰলৈকে চকু যোৰ মেলি দিলে, শাওনৰ পথাৰ খনত নতুনকৈ গুজ দিয়া ৰুৱা বোৰ লহ পহকৈ বাঢ়িব ধৰিছে। বৰষুণত জীপাল হৈ থকা চৌপাশৰ সেউজীয়া আৰু শুকুলা আকাশ খন চাই তাৰ ৰাতিপুৱাৰ সপোনটোলৈ মনত পৰি গ'ল।

                          **************
পৰাগ কুমাৰ ভূঞা

Comments

  1. Play online casino in India | kadangpintar.com
    A good list of all online casinos in India. In India, online 온카지노 casino is 바카라 사이트 preferred for both new and experienced players. Play online casino games septcasino for real money.

    ReplyDelete

Post a Comment

Popular posts from this blog

এক মিনিটৰ গল্প : প্ৰত্যাশা