নৈ বৈ যায়,, ষষ্ঠ খণ্ড সপোনৰ ৰেঙণি
নৈ বৈ যায়,, ষষ্ঠ খণ্ড সপোনৰ ৰেঙণি নয়নে যাত্ৰীবাহী ট্ৰেইন খনৰ একেবাৰে শেষৰ দবাটোৰ দুৱাৰ মুখত থিয় হৈ দুয়োফালে থকা হালধীয়া বৰণৰ হেণ্ডল দুডালত দুহাত মেলি ধৰি বুকুখন বাহিৰলৈ থেলি দিছে । বাহিৰৰ শীতল বতাহ জাকে তাক চুই গৈছে, সি যেন সেই বতাহ জাকৰ লগত মিলি যাব। সন্মুখত দূৰ দিগন্ত বিয়পি থকা এখন সুদ্ধ বগা আকাশ আৰু তলফালে চকুৰে মনিব নোৱাৰালৈকে কেৱল সেউজীয়া আৰু সেউজীয়া, সি যেন বিলিন হৈ যাব সেই সেউজীয়া খিনিৰ মাজত। সি চকু দুটা মুদি এটা দীঘল উশাহ টানি সেই মনোমোহা পৰিবেশটো বুকুৰ মাজলৈ লৈযাবলৈ চেষ্টা কৰিলে। "নয়ন , ঐ ল'ৰা উঠ্ উঠ্ !" মাকৰ চিঞৰ আৰু দুৱাৰ খনৰ ট্ক ট্ক শব্দত নয়নৰ চকু মেল খালে, সন্মুখত সেই আকাশো নাই , নাই সেই সেউজীয়াও। আছে মাথো এখন বন্ধ দুৱাৰ , তাৰ থিক ওপৰতে দেৱাল খনত ওলমি থকা ঘৰিটোৱে ৭.৩০ বজাৰ সংকেত দি আছে, " ধেৎ কি সপোন বাৰু এইটো, সপোনটো কোনোবাই ইমান অনুভব কৰিব পাৰেনে? মনত যে সেই দৃশ্যটো ইমান স্পষ্টকৈ ৰৈ গৈছে এইমাত্ৰ চাই উঠা চবি এখনৰ দৰে" সি লৰা লৰিকৈ বিচনাৰ পৰা নামি গৈ বাথৰুমত সোমাল। আজি নয়নৰ ছয়দুৱাৰ কলেজৰ প্ৰথ