নৈ বৈ যায় ৫ম খন্ড শুন্যতা

                                 শুন্যতা
প্ৰিন্সিৰ যোৱা ৰাতিৰ এছ এম এছ টোৰ পৰা নয়নৰ মন টো কিয় জানো বৰ অস্থিৰ হৈ আছে। কথাটো সি বুজি নোপোৱা নহয়, তথাপি তাৰ অস্থিৰতা বোৰ যেন লুকুৱাই থ'ব পৰা নাই। তেজৰ সম্পৰ্কবোৰৰ বান্ধোনৰ পৰা বহু দূৰৈৰ কোনোবা এজন তাৰ জীৱনৰ অন্তৰংগ এটা অধ্যায় হৈ পৰিব সি টো কোনোদিনেই ভবা নাছিল। তাৰ অস্থিৰতাৰ কাৰণ সি বুজি পোৱা নাই। সি প্ৰিন্সিক ভাল পাই নেকি? প্ৰিন্সি তাৰ প্ৰেম নেকি? নাই সিটো তাইক কেতিয়াও সেই দৃষ্টিত চোৱা নাই। প্ৰিন্সিয়েও তাক কোনো দিন ভালপাও বুলি কোৱা নাই! তাইৰ মেছেজটো পাই সি ভাল পাব লাগিছিল যদিও সি নাজানে তাৰ মনটো কিয় শুন্যতাই আগুৰি ধৰিছে। তাৰ জীৱনটো যেন হঠাত খালী খালী লাগিব ধৰিছে।
মেডিকেলৰ এন্ট্ৰেন্স পৰীক্ষাৰ পাছতে নয়ন হতঁৰ কচিং ক্লাচবোৰ শেষ হ'ল। নয়ন দুদিন মানৰ বাবে ঘৰলৈ আহিছিল। পৰীক্ষা সিমান এটা বেয়া হোৱা নাছিল যদিও আগৰ বছৰৰ কাত্ অৱ মাৰ্কচৰ তালিকা চাই সি চিট্ পাব বুলি আশা কৰা নাই। সেইবাবেই সি গুৱাটীৰে কোনোবা এখন কলেজ, য'তেই প্ৰিন্সিয়ে এডমিশ্বন লয় তাতেই পঢ়িম বুলি মনে মনে ভাবি আছিল। কিন্ত্ত আজি সি তাৰ সিদ্ধান্ত সলনি কৰিছে।
গুৱাহটী খন প্ৰথমতে ভাল লগা নাছিল । চিতিবাছৰ ভিৰ-ভাৰ, উৎকত গৰম আৰু তাৰ ৰুমটোত মহৰ তাণ্ডবত বৰ অচস্তি অনুভব কৰিছিল আৰু বৰষুণ দিলে সেই গেলা পানীবোৰ খচকি খচকি তাৰ গলিটোৰ পৰা ওলাই চিতি বাছত উঠিব লগা হ'লে যে তাৰ মাথা নষ্ট হৈ গৈছিল। হোষ্টেলৰ খানাটো আছেই  সি অবশ্যে সেইটোত অভ্যস্ত হৈ পৰিছে যোৱা দুই বছৰত। ইমান বোৰৰ পাচতো গুৱাহাটীখন কব নোৱাৰাকৈয়ে তাৰ বুকুৰ আপোন হৈ পৰিল। প্ৰিন্সিক লগপোৱাৰ পৰা সি চিতিবাছত উঠাৰ কথা মনতেই নপৰে। যোৰা বাতৰ সেই তাৰ্নিং বোৰত ৱেভ মাৰি স্কুতি চলোৱাত কিমান জোৰেৰে তাই ককালত চিকুত মাৰে নয়নৰ জিভা ওলাই যায়। ক'ত ক'ত যে সিহঁত ঘূৰা নাই? মন গলেই জালুকবাৰীৰ উনিভাৰচিতি, মন গ'লেই উমানন্দ কত কি,, অাৰু চিনেমা? যোৱা কেইত‍া মাহত ছাগে সিহঁতি নোছোৱা এখনো চিনেমা নাই।   দুইতাৰেএক অন্তহীন অভিজ্ঞতাৰ সাক্ষী হৈ আছে গুৱাহাটী মহানগৰী। প্ৰিন্সিৰ লগত থকা সময়খিনি দেখুন তাৰ পৰিপূৰ্ণ যেন লাগে। এই ছোৱালীজনীয়ে এনেকৈ তাক আবৰি পেলালে তাৰ নিজস্ব দুখ ভগৱানৰ ওপৰত থকা নিজস্ব অভিযোগবোৰ দেখুন পাহৰিয়ে গ'ল। এতিয়া প্ৰিন্সিৰ অবিহনে গুৱাহাটীত যেন উশাহ ল'বলৈও কষ্ট হ'ব। তাইৰ অবিহনে গুৱাহাটী খনৰ কথা ভাবিলে আপোন গুৱাহাটীখনো বৰ অচিনাকি যেন লাগে । সি কেইবাবাৰো মেছেজটো পঢ়িছে, আকৌ এবাৰ খুলি চাইছে...
" অই পোৱালি মনটো বৰ বেয়া লাগি আছে । পাপাক ইমান বুজালো নামানিলে, পাপাৰ কোনোবা ফ্ৰেণ্ডৰ ল'ৰাও তাতে পঢ়ি আছে । পাপায়ে মোৰো চিট্ বুক কৰি কৰ্ন্ফম কৰি দিলে। প'ৰহিলে ফ্লাইট্ আছে পাপায়ে থ'ব যাব। তোক বহুত মিছ্ কৰিম । তাতে মোক পাগ্ লী , পাগ্ লী কে মোৰ লগত লাগি থাকিবলৈ তোৰ দৰে ফ্ৰেণ্ড নাপাম ছাগে, তোৰ লগত স্পেণ্ড কৰা টাইমবোৰ কেতিয়াও পাহৰিব নোৱাৰিম, তোক চাগে যোৱাৰ আগতে আৰু লগ নাপাম,  মোক পাহৰি নাযাবি আক' ঐ,,,, "
এটা বুজাব নোৱাৰা দুখে আহি নয়নৰ বুকুখন খুণ্ডা মাৰি ধৰিছে।
প্ৰিন্সি বেংগালুৰু যাব, দেউতাকে এখন প্ৰাইভেট্ মেডিকেল কলেজত তাইৰ এডমিশ্বন কৰাই দিছে।  আৰু নয়নে? সি আৰু গুৱাহাটী নাযায়। ঘৰৰ ওচৰৰে ছয়দুৱাৰ কলেজত ইকন'মিক্স ত মেজৰ লৈ পঢ়িব, এইয়াই তাৰ শেষ সিদ্ধান্ত ।


উদাসী উদাসী গধুৰ পলকতে
জোৰ সপোন আহি বহে,
চুবুৰীয়া বহু সিহৰণে আহি
মোক অকলশৰীয়া কৰে,
মোৰ খোজৰ বাটত ছাঁয়া নামে,
তুমি পোহৰ দিয়া সাহনো বাঢ়ে,
মোৰ খোজৰ বাটত ছাঁয়া নামে,,,


                     
                                            (আগলৈ)
                         ******
পৰাগ কুমাৰ ভূঞা

Comments

Popular posts from this blog

নৈ বৈ যায়,, ষষ্ঠ খণ্ড সপোনৰ ৰেঙণি

এক মিনিটৰ গল্প : প্ৰত্যাশা