আশা
চিগাৰেট ৰ ধোঁৱা বোৰ দিগন্ত দাই ৰিং এটাৰ দৰে উৰুৱাই দিছিল, নয়নৰ এই ধোঁৱা উৰুৱা কামটো কিয় জানো বৰ ভাল লাগে । সৰুৰে পৰা সি ভাবি আহিছে সি কেতিয়াও চিগাৰেট নাখায় কাৰণ সৰুৰে পৰা পঢ়ি অহা বহুত কিতাপত চিগাৰেটৰ অপকাৰিতাৰ বিষয়ে পঢ়িছে ।
: এটান দিব নেকি দিগন্ত দা?
: ধেৎ নালাগে, পোৱালি হৈ আছ, ওঁঠ চেপিলে এতিয়াও গাখীৰ ওলাব ।
: একো নহয় দিয়ক ছোন, মাত্ৰ দুবাৰ ধোৱা বোৰ উৰুৱাই চাম।
মনটোকটো বান্ধিয়ে ৰাখিছো, ধোৱাবোৰকেটো উৰুৱাই চাঁও।
: হুঃ - ল ল পোৱালি বেছি ফালিব নালাগে, মাত্র দুটান হে কিন্ত্ত !
চিগাৰেট টো মুখত লৈ নয়নে খুঃহু খুঃহু কাহঁিব ধৰিলে, জীৱনত প্ৰথমবাৰ চিগাৰেট মুখত দিছে ।
: যা যা পঢ় গৈ, কালিলে পৰীক্ষা ভালকৈ দিবি ।
নিজৰ ৰুমলৈ আহি বিছনাতে ফিজিক্সৰ কিতাপখন মেলি লৈছে । তাৰ সন্মুখত যেন এখন পাৰাপাৰহীন সাগৰ আৰু সি এখন তুলুঙা নাওঁত ভাঁহি আছে । দুটামান পাত লুতিয়াই কুৱেশ্বন্ বেংক খন মেলি লৈ যোৱা চাৰি পাঁচ বছৰৰ বাৰে বাৰে আহি থকা প্ৰশ্নকেইটামান বাছি ল'লে আৰু তাকে পঢ়িবলৈ চেষ্টা কৰিলে । তাৰ অনুভব হৈছে গোটেই বছৰটো দেখোন সি এনেয়ে পাৰ কৰিলে, দেউতাকৰ ওপৰতো মিছাকৈয়ে খং কৰি নপঢ়াকৈ থাকিল । গোটেই বছৰটো মাথাৰ ওপৰেদি যোৱা বস্ত্ত বিলাক আজি দেখোন তাৰ সকলো সহজ সহজ লাগিছে । নপঢ়াৰ বাবে অনুতপ্ত আজি সি, কিন্ত্ত এতিয়া সি পঢ়িব , আজি গোতেই ৰাতিটো সি পঢ়িব ।
পাছদিনা পৰীক্ষা হলৰ পৰা ওলাই আহোতে মুখত সন্তোষ্টিৰ হাঁহি এটা লাগি আহিছিল। হোষ্টেলৰ ছিনিয়ৰ দাদা কেইজনে কলেজ তিনিয়ালিৰ নিৰ্দিষ্ট চুকটোত চিগাৰেট হুপি আছে । সেইফালেদি পাৰহৈ যাওতে দিগন্ত দাই মাত লগালে,
: কি হে পোৱালি পৰীক্ষা ফালি দিলি নেকি?
: আগতে চিগাৰেট টো দুটান মাৰিব দিয়ক।
দিগন্ত দাৰ হাতৰপৰা নয়নে চিগাৰেটো ল'লে..
: ভবাতকৈ বহুত ভালেই হ'ল দিগন্তদা, মাত্র এটা ৰাতি পঢ়ি এটা ভাল পৰীক্ষা দিলো ।
চিগাৰেট টো দীঘলকৈ তান এটা মাৰি ধোঁৱা বোৰ সি বহুত ওপৰলৈ উৰুৱাই দিলে .....

Comments
Post a Comment